বকোৰ ৰঙাপানীত সংঘটিত হয় এক অঘটন

 11/11/2019 - 14:12

নগৰবেৰাঃ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হয় পঞ্চাছৰ উৰ্ধৰ এজন লোকৰ। বকো সমষ্টিৰ সোনতলী আৰক্ষী চকীৰ অধীনস্থ ২নং ৰঙাপানী গাঁৱৰ হাকিম আলী নামৰ লোকজনে দেওবাৰে বিয়লি সময়ত ওচৰৰে পুখুৰী এটাত গা ধুবলৈ যায়। পুখুৰীত গা ধুই থকা সময়তে লোকজনৰ মৃগী বেমাৰ উঠে আৰু লগে লগে পানীত ডুবি মৃত্যু হয়।

স্থানীয় লোকে পাছত পুখুৰীৰ পানীত লোকজনৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি তাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। উল্লেখ্য যে, লোকজন পূৰ্বৰে পৰা  মৃগী বেমাৰত ভুগি আছিল বুলি জনিব পৰা যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.