লাহৰীঘাটত এজন প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

 04/14/2019 - 14:18

লাহৰীঘাট: নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ লোক‌সভাৰ প্ৰাৰ্থী আজগৰ আলী।

লাহৰীঘাটৰ ৰজাগাধোৱা তিনিআলিত কণ-কণ ল'ৰা-ছোৱালীক নিজ হাতেৰে খীৰ-খিচিৰি খোৱাই নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থীজনে।

নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছ, বিজেপিৰ তুমুল ৰাজনৈতিক বাকযুদ্ধ চলি থকাৰ সময়তে উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ প্ৰাৰ্থী আজগৰ আলীয়ে অসমৰ পৰা গেলা-পছা ৰাজনীতি পৰিহাৰ কৰি নতুন ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগে বুলি ভোটাৰ ৰাইজক আহ্বান জনোৱাৰ লগতে ১০ নং নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ বিপুল ভোটত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে।

অৱশ্যে প্ৰাৰ্থীগৰাকীৰ এনে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ কিমানদূৰ সফল হয় সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.