ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত শান্তিপুৰত দেওবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ মদ খাই হোৱা কাজিয়াৰ পৰিণতিত নিজ পত্নীয়ে মৰিয়াই হত্যা কৰে গিৰিয়েকক৷ জানিব পৰা মতে চাহ বাগিচাত দিন হাজিৰা কৰি অহা ৰিনা সৱৰ নামৰ মহিলাক গিৰিয়েক এন্থনী সৱৰে সদায় মদ খাই আহি কাজিয়া কৰাৰ লগতে মাৰধৰো কৰি আহিছিল৷ আনকি একাংশ লোকক নিজ গৃহত মাতি এন্থনীয়ে সদায় জুৱা খেলাৰ লগতে মদ্যপান কৰি পত্নীক অত্যাচাৰ কৰি আহিছিল৷
কালিও মদ্যপান কৰি এন্থনীয়ে পত্নীক মাৰধৰ কৰিবলৈ চেষ্টা কৰাত পত্নী ৰীনা সৱৰে এন্থনীক গধুৰ বস্তুৰে শৰীৰত প্ৰহাৰ কৰি হত্যা কৰি গৃহত পেলাই দিয়ে৷ সোমবাৰে ঘটনা সম্পৰ্কত স্থানীয় লোক অৱগত হোৱাত ডিমাকুছি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এন্থনীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পতি হত্যাকাৰী ৰীনা সৱৰক আটক কৰি ডিমাকুছি থানালৈ নিয়ে৷ উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ভূটান সীমান্তত দেশী-বিদেশী মদৰ অবাধ প্ৰচলনৰ পৰিণতিত মদ খাই হোৱা কাজিয়াত এতিয়ালৈকে একাধিক লোকৰ মৃত্যু হৈছে যদিও মদৰ অবৈধ ব্যৱসায় বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে প্ৰশাসনৰ আবকাৰী বিভাগ৷