ধুবুৰীত ৰঙালীৰ আনন্দ

 04/14/2019 - 14:29

চাপৰ: ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ উছাহ। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ সকলো অসমীয়াই কঁকালত টঙালী বান্ধি সাজু হৈছে। প্ৰাণৰো প্ৰাণ ৰঙালী বিহুটিক হেঁপাহেৰে আদৰিবলৈ কি চহৰ কি গাওঁ বা চৰাঞ্চল সকলোতে যেন প্ৰাণ পাই উঠিছে বিহু হুঁছৰিৰ দল।

পশ্চিম অসমত তীব্ৰ গতিত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই নিৰ্বাচনী বতৰক পাহৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা, জমদুৱাৰ, টোৰাবান্ধা, টিলাপাৰা আদি অতি ভিতৰুৱা অঞ্চলত ডেকা-গাভৰু, বৃদ্ধা আদি সকলোৱেই পালন কৰিছে ৰঙালী বিহু।

বৃহত্তৰ অঞ্চলখনৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।