ৰঙাপৰাত বিশ্বনাথ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

 04/14/2019 - 14:47

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকৈ মুছাৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি সন্ধিয়া এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

ৰঙাপৰা ১নং ৱাৰ্ডৰ পৰা থানা তিনিআলিলৈকে প্রায় পাঁচশৰো অধিক লোকে অংশগ্রহণ কৰা সমদলত সকলোৱে বিশ্বনাথ কাণ্ডক একেমুখে গৰিহণা দিয়ে।

সমদলত সকলোৱে দোষীক অনতিপলমে শাস্তি প্রদানৰ দাবীৰ লগতে বিভিন্ন ভাষা-ভাষী ধৰ্মালম্বী ৰাইজৰ মাজত  বিভেদকামী শক্তিক সমাজত ৰোধ কৰা আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে ৰঙাপৰা আকাশ বতাহ কঁপাই তোলে।

এই সমদলত ৰঙাপৰাৰ বহুতো বিশিষ্ট ব্যাক্তিয়ে অংশগ্রহণ কৰে।

ইপিনে সমদলত আঞ্চলিক সমিতিখনৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।