বৰপেটা জিলাৰ হাউলীত পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আৰম্ভ

 11/12/2019 - 13:50

হাউলীঃ নামনি অসমৰ বৰপেটা জিলাৰ হাউলীৰ ৯২ সংখ্যক ৰাস মহোৎসৱ সোমবাৰৰ পৰা ২৫ নৱেম্বৰলৈ মুঠ পোন্ধৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে| ইতিমধ্যে ৰাস মহোৎসৱৰ মূল মণ্ডপ, বাণিজ্যমেলা, গ্ৰন্থমেলা, মিনা বজাৰৰ লগতে মৃন্ময় মূৰ্তিসমূূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰলক্ষিত হৈছে|

ৰাস মহোৎসৱৰ শুভাৰম্ভৰ কাৰ্যসূচীসমূহ ৰাতিপুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন, ৯ বজাত পানীতোলা পৰ্ব্ব, ৯'৩০ বজাত ৯২ সংখ্যক ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড০ ভগীৰথ নাথে। সভাত স্মৃতিগ্ৰন্থ 'মুৰুলী' উন্মোচন কৰে বিশিষ্ট সাংবাদিক মৃনাল তালুকদাৰে, উক্ত সভাত আছুৰ মূখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাস উৎসৱৰ তাৎপৰ্য, আধ্যাত্মিকতা আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি তত্ব গধূৰ বক্তব্য আগবঢ়ায়| নিশা ৯'৩০ বজাত আতচবাজী প্ৰদৰ্শন, নিশা ১০'৩০ বজাত ঢুলীয়াৰ নাট্যাভিনয় আদি কাৰ্যসূচী অনুষ্ঠিত হয়|

বিভিন্ন জাতি-ধৰ্ম সম্প্ৰদায়ৰ মিলনক্ষেত্র স্বৰূপ এই পবিত্র ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠান সমূহৰ সৌষ্ঠৱ বৃদ্বি কৰাৰ লগতে এই মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজক আন্তৰিকতাৰে কামনা কৰিছে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ড০ ভগীৰথ নাথ, কাৰ্যকৰী সভাপতি টিকেন্দ্ৰজিৎ দাস আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ পাঠকে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।