ৰঙাপৰাৰ যুৱতী হাৰিয়ানাত উদ্ধাৰ

 04/14/2019 - 15:21

ৰঙাপৰা: হাৰিয়ানাৰ কুৰুক্ষেত্ৰত ৰঙাপৰাৰ এগৰাকী যুৱতী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাৰিয়ানাৰ জিন্দাল পাৰ্ক আৰক্ষীয়ে উদ্ধাৰ কৰা যুৱতীগৰাকী ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নাহৰনী গ্ৰান্ট গাঁৱৰ চামু মুণ্ডা আৰু ৰৌত মুণ্ডাৰ ১৯ বছৰীয়া জীয়েক অনিতা মুণ্ডা বুলি পৰিয়ালৰ সূত্রে জানিব পৰা গৈছে।

ইপিনে অনিতা মুণ্ডা যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত নিজৰ সৰু ভায়েক আনন্দ মুণ্ডা(১৭)ৰ সৈতে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পেছাত খেতিয়ক পিতৃয়ে আৰ্থিক দৈন্যতাৰ বাবে স্থানীয় আৰক্ষীক সেই সময়ত অৱগত কৰা নাছিল বুলি আজি ৰাইজৰ আগত সদৰী কৰে। দুয়ো ভাতৃ ভগ্নী সেই সময়ত দিল্লী অভিমুখে যোৱা ৰে'লত উঠি দিল্লীত উপস্থিত হোৱাৰ খন্তেক পাছতে ভায়েক আৰু বায়েকৰ বিচ্ছেদ ঘটে বুলি ভায়েকে ৰাইজৰ আগত সদৰী কৰিছিল।

আনহাতে, বায়েকক বিচাৰি নাপায় অনাই বনাই ঘুৰি ভায়েকে কিছুদিন পাছত ঘৰত উপস্থিত হৈ ঘটনা সংক্ৰান্তত ৰাইজক অৱগত কৰে। ইপিনে কালি পৰিয়ালক ফোনযোগে নিশা জিন্দাল আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰাৰ খবৰ পৰিয়ালটিক অৱগত কৰে।

ঘটনাটিৰ সন্দৰ্ভত আটছাৰ ৰঙাপৰা উপশাখাৰ সভাপতি চখিৰাম তাঁতীয়ে ঘটনাটোত নাৰী সৰবৰাহ চক্ৰ জড়িত থকাৰ সন্দেহ সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে।

উল্লেখ্য যে, যুৱতীগৰাকী ৰঙাপৰাত উপস্হিত হোৱাৰ পিছতহে ইয়াৰ অন্তৰালত থকা সম্পুৰ্ণ ৰহস্য উদঘাটন হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।