উত্তৰ প্ৰদেশত ২ কাশ্মীৰৰ যুৱকক গ্ৰেপ্তাৰ, জঈছ-ই-মহম্মদৰ হৈ কাম কৰাৰ সন্দেহ

 02/22/2019 - 18:27

ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত জঈছ-ই-মহম্মদ নামৰ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৰ আক্ৰমণত ৪৪গৰাকীকৈ চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাত সমগ্ৰ দেশতে সন্ত্ৰাসবাদী তথা পাকিস্তানৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ থকাৰ সময়তে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত দুগৰাকী সন্দেহযুক্ত জঈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ কেডাৰ ধৰা পৰাৰ খবৰ আহিছে৷

যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ সদাব্যস্ত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুলৱামাত পাকিস্তান চৰকাৰৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে কাপুৰুষালী কৰি ভয়াবহ আক্ৰমণ সংঘটিত কৰাত প্ৰায় ৪৪গৰাকী ভাৰতীয় জোৱান শ্বহীদ হ’বলগীয়া হোৱাত সমগ্ৰ দেশেই ম্ৰিয়মান আৰু ক্ষোভিত হৈ পৰাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা লাভ কৰে৷

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা দেওবন্দৰ এখন ব্যক্তিগত হোষ্টেলৰ পৰা জইছ-ই-মহম্মদৰ সৈতে জড়িত যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷যুৱক দুজনৰ এজন হৈছে কাশ্মীৰৰ পুলৱামাৰ জিলাৰ আৰু আন কাশ্মীৰৰে কুলগাম জিলাৰ৷এজনৰ নাম হৈছে শ্বাহনাৱাজ আহমেদ আৰু এজন হৈছে আকিব আহমেদ৷দুয়োগৰাকী যুৱকে জঈছ-ই-মহম্মদত যুৱকক ভৰ্তি কৰিবৰ বাবে কাম কৰি আছিল বুলি সন্দেহ কৰা হৈছে৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, দুয়ো যুৱকে কোনো শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি নকৰাকৈয়ে হোষ্টেলত বাহৰ পাতি আছিল৷ যুৱকদুজনৰ পৰা আৰক্ষীয়ে এটা পিষ্টাল আৰু ৩০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷যুৱকদুজন পুলৱামা কাণ্ডৰ সৈতে জড়িত থকাৰো সন্দেহ কৰা হৈছে৷কোনো যুৱকক উগ্ৰপন্থী সংগঠনটোত জড়িত কৰিছে নেকি আৰু ধনৰ উৎস কৰ পৰা আহিছিল এই সন্দৰ্ভতো তদন্ত কৰি আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।