বাক্সা জিলাৰ তামুলপুৰত পুনৰ পথ দুৰ্ঘটনা: এজন নিহত

 04/14/2019 - 15:35

তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান পথৰ ন-মাইলত পথ দুৰ্ঘটনাৰ ফলত শনিবাৰে সন্ধিয়া এজন যুৱক নিহত হোৱাৰ কেইঘণ্টামান পিছতেই পুনৰ একেই পথৰ বৰখাটাত অচিনাক্ত বাহনৰ খুন্দাত আন এজন লোক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ভূটানৰ দিশৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত এখন ১৬ চকীয়া বাহনে এজন পথচাৰীক খুন্দিয়াই পেলাই থৈ যায়। পিছত স্থানীয় লোকে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আচিনাক্ত লোকজনক সংকতজনক অৱস্থাত উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে।

পিছত আৰক্ষীয়ে অনুসন্ধান চলাই পি বি ০৭ - এছ-৫৮৫১ নম্বৰৰ এখন ১৬ চকীয়া বাহন কামৰূপ জিলাৰ তুলসীবাৰীত জব্দ কৰে আৰু বাহনখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আনি চালকক সোধা পোছা অব্যাহত ৰাখিছে।

বাতৰি লিখাৰ পৰলৈকে লোকজনৰ পৰিচয় পোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।