নগাঁৱত উদযাপিত ৫৫০ তম্‌ গুৰুনানক জন্মজয়ন্তী

 11/12/2019 - 19:16

নগাঁওঃ এইয়া জাতি, ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে শান্তি-সম্প্ৰীতিৰ দেশ৷ একতাৰ দোলেৰে আমি আজিও বান্ধ খাই আছো৷

তাৰেই নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ গুৰুদ্বাৰ সমিতিয়ে৷ গুৰুদ্বাৰ সমিতিৰ উদ্যোগত উদযাপিত হৈছে ৫৫০ তম্‌ গুৰুনানক জন্মজয়ন্তী৷ জন্মজয়ন্তীত দেখা পোৱা গ'ল সমন্বয়ৰ এক পৰিবেশ৷ জন্মজয়ন্তীৰ শুভক্ষণত উদ্যোগতা সমিতিৰ হৈ দেবেন্দ্ৰৰ সিঙে জনোৱা আহ্বানক সন্মান জনাই বিভিন্ন ধৰ্মৰ লোকে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।