মানকাচৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটসহ কফ চিৰাপ

 04/14/2019 - 19:36

 দঃশালমাৰা মানকাচৰ: এতিয়া নিৰ্বাচনৰ বতৰ। সকলো দলৰ নেতা কৰ্মীৰ লগতে নিৰ্বাচনত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ জিলা আৰু আৰক্ষী প্ৰশাসন। নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য জিলা তথা মহকুমাৰ লগতে দঃশালমাৰা মানকাচৰ জিলাতো প্ৰশাসনে বান্ধি দিয়া পৃথক পৃথক সজাঁতি দলৰ ধাৰাসাৰ তালাচী অভিযান অব্যাহত ৰখাৰ সময়তে মানকাচৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ নেতৃত্বত ৰাতিপুৱা টহল মাৰি থকা অৱস্থাত মানকাচৰ হাটশিঙিমাৰী গড়কাপ্তানি পথ কুচনিমাৰাত পৰিত্যাগত অৱস্থাত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট সহ কফ চিৰাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, Winciresx বটল ৪৪ টা আৰু Simplex c+ Capsul ৫০২ টা উদ্ধাৰ কৰে আৰক্ষীয়ে। ইফালে, ঘটনাস্থলীত কোনো সৰবৰাহকাৰীৰ সন্ধান পোৱা নাই যদিও প্ৰকৃত সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা অব্যাহত ৰাখিছে মানকাচৰ আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, কেইদিনমান পূৰ্বেও মানকাচৰ আৰক্ষীয়ে বহুতো নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।