কলগাছিয়াত লেবৰটৰীৰ ভুল ৰিপৰ্টৰ বাবে মৃত্যু তিনি বছৰীয়া শিশুৰ

 11/13/2019 - 19:03

কলগাছিয়াঃ কলগাছিয়াত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ এক্সৰে এণ্ড লেবৰটৰী। গুড হেল্থ এক্সৰে এণ্ড লেবৰটৰীৰ ভুল ৰিপৰ্টৰ বাবে মৃত্যু ৱাচিম আক্ৰাম নামৰ এগৰাকী তিনি বছৰীয়া শিশুৰ। লেবৰটৰীৰ নাই অনুজ্ঞাপত্ৰ, নাই টেকনিচিয়ানৰ প্ৰমানপত্ৰ। অবৈধ লেবৰটৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনৰ অন্তৰ্গত কলগাছিয়াত কাঠফুলাৰ দৰে গঢ়ি উঠিছে এক্সৰে এণ্ড লেবৰটৰী। ইয়াৰে কোনো এটা লেবৰটৰীৰ নাই অনুজ্ঞাপত্ৰ। এই লেবৰটৰী সমূহত পৰীক্ষাৰ ৰিপোৰ্টত নাই চিকিৎসকৰ চহী।

সম্প্ৰতি এনে লেবৰটৰীৰ ভুল ৰিপৰ্টৰ বাবে মৃত্যুক আকোৱালি লয় গুনীয়ালগুৰি গাঁৱৰ ৱাচিম আক্ৰাম নামৰ এগৰাকী তিনি বছৰীয়া শিশুয়ে। এই লেবৰটৰীখন হৈছে কলগাছিয়াৰ মাজমজিয়াত থকা গুড হেল্থ এক্সৰে এণ্ড লেবৰটৰী। চিকিৎসকে দিয়া পৰামৰ্শ মতে এই লেবৰটৰীখনত ৱাচিম আক্ৰাম নামৰ শিশু গৰাকীৰ তেজৰ (CBC-Complete Blood Count) পৰীক্ষাৰ বাবে দিয়ে যদিও শিশু গৰাকীৰ একো হোৱা নাই বুলি নৰ্মেল ৰিপোৰ্ট দিয়ে। পৰৱৰ্তী সময়ত যেতিয়া শিশু গৰাকীৰ বেমাৰৰ অৱনতি হয় তেতিয়া বৰপেটা ৰোডৰ চিকিৎসকক দেখায় যদিও চিকিৎসকে উলিয়াবলৈ দিয়া তেজ পৰীক্ষাত ব্লাড কেঞ্চাৰ ধৰা পৰে।

লগে লগে শিশু গৰাকীক গুৱাহাটী মেডিকেল কলেজত ভৰ্ত্তি কৰে যদিও ৪ দিন পিছত শিশু গৰাকী অকাল মৃত্যুক আকোৱালি লয়। এই ক্ষেত্ৰত গুড হেল্থ এক্সৰে এণ্ড লেবৰটৰীৰ সত্বাধিকাৰী মইনুল হকে ভুল হোৱা বুলি স্বীকাৰ কৰে। আনহাতে আমছুৱে এই ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে কাঠফুলাৰ দৰে গঢ়ি উঠা সকলো লেবৰটৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।