বুল্লাত বিশেষ শিশুসকলৰ সৈতে শিশু দিৱস উদযাপনৰ প্ৰস্তুতি

 11/13/2019 - 19:17

মিৰ্জাঃ বৃহস্পতিবাৰে শিশু দিৱস, সমগ্ৰ দেশজুৰি উদযাপিত হ'ব শিশু দিৱস। কিন্তু অনাথ তথা পথে পথে খুজি মাগি খোৱা শিশুসকলোৰো জানো মন নাথাকে শিশু দিৱসত অংশ ল'ব। বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত আগতীয়াকৈ শিশু দিৱস উদযাপন কৰিলে শিশু সুৰক্ষাৰ প্ৰতি দায়বদ্ধ সংস্থা Centre For Development Initiatives য়ে। বিভিন্ন সময়ত সততে একাংশ শিশুক দেখা যায় পথে পথে খুজি মাগি খোৱাৰ লগতে বিভিন্ন দোকানত অতি কম বয়সতে নিজকে নিয়োজিত কৰা।

নিজৰ অধিকাৰক পাহৰি অতি কম বয়সতে একাংশ পিতৃ-মাতৃৰ নিকৃষ্ট কৰ্মৰ বলি হয় কিছু কিছু শিশু তথা বিভিন্ন সময়ত টকা-পইছাৰ অভাৱত শিশুক পঢ়া-শুনাৰ খৰছ বহন কৰিব নোৱাৰে সেই সকল শিশুক বিভিন্ন সময়ত উদ্বাৰ কৰি Centre For Development Initiatives য়ে সমস্ত খৰছ বহন কৰি সকলো দায়িত্ব লয়। বুধবাৰে শিশু দিৱসৰ লগত সংগতি ৰাখি বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা Centre For Development Initiatives বেচৰকাৰী সংস্থাটোৱে আয়োজন কৰা শিশু দিৱস বিশেষকৈ গৃহ শ্ৰমিকৰ লৰা-ছোৱালীক সাঙুৰি লোৱা হয়। আনহাতে শিশুসকলোৰ মাজত বিভিন্ন খেল-ধেমালী, নাচ-গান আদি পৰিৱেশন কৰাৰ লগতে শিশুসকলোক বিভিন্ন উপহাৰো প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।