ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

 04/15/2019 - 19:40

ধুবুৰী: ৪ নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। সভাত উপস্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী। বিজেপি আৰু এআইইউডিএফক তীব্ৰ সমালোচনা আবু তাহেৰ বেপাৰীৰ। তেওঁ কয় যে, নৰেন্দ্ৰ মোদীয়ে আচ্ছে দিনৰ কথা কয় কিন্তু আচ্ছে দিনৰ দিনতে মুছলমানক বলপূৰ্বকভাবে গাহৰিৰ মাংস খুৱাবলৈ বাধ্য কৰাইছে।

জাতি ধৰ্মৰ নামত বিভাজন কৰি ৰাজত্ব কৰাই হৈছে বিজেপিৰ মূল উদ্দেশ্য। গতিকে সংবিধান, জাতি, ধৰ্ম আদি ৰক্ষা কৰিবলৈ হ'লে কংগ্ৰেছক ভোট দি ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰী বনোৱাৰ বাবে তেওঁ আহ্বান জনায়। এইবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ হ'লে সংবিধান পৰিৱৰ্তন কৰি কিছুমান জাতি জনগোষ্ঠীৰ অধিকাৰৰপৰা বিজেপিয়ে বঞ্চিত কৰাৰ পৰিকল্পনা লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে, এআইইউডিএফ আৰু বিজেপিৰ গোপন মিত্ৰতাৰ কথা কোৱাৰ লগতে সাংসদ বদৰুদ্দিন আজমলৰ সাংসদ পুঁজিৰ পৰা চাৰি কোটি সত্তৰ লাখ টকা কিয় উভতি গ'ল তাৰ বাবে প্ৰশ্ন উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থীজনে। উল্লেক্ষ্য যে, সভাত হেলিকপ্টাৰযোগে এপিচিচিৰ সভাপতি ৰিপুন বৰা উপস্থিত থকাৰ কথা আছিল যদিও তেখেত উপস্থিত হ'ব নোৱাৰাত প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ আগত ক্ষমা খোজে।

বিজেপি এইবাৰ শাসনলৈ আহিলে সংবিধান পৰিবৰ্তন কৰিব। তাৰ ফলত বহু জাতি জনগোষ্ঠীয়ে ভোটাধিকাৰপৰা বঞ্চিত হ'ব লাগিব বুলিও তেওঁ জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।