লখিমপুৰত বিহু কৰ্মশালা আৰু উৰুকাৰ সফল সামৰণি

 04/15/2019 - 20:03

লখিমপুৰ: লখিমপুৰত আজি বিহু কৰ্মশালা আৰু উৰুকাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী মনি বৌ খ্যাত পাপৰি বৰা আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

অনুষ্ঠানত মনি বৌৱে এপাক বিহু নাচি উপস্থিত ৰাইজক উৎফুল্লিত কৰি তোলে। অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ ত্যাগ ক্ষেত্ৰত যোৱা ইংৰাজী ৭ এপ্ৰিলৰপৰা আজি ১৪ এপ্ৰিললৈকে বিনামূলীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছিল।

উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিয়ে ঢোল বাদক সোমনাথ বড়াই ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।