গাঁৱৰ ৰাইজৰ লগত হুছৰি গালে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাই

 04/15/2019 - 20:33

ধিঙ: অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো। তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি, নেনাচি কেনেকৈ থাকো। সমগ্ৰ ৰাজ্যতে এতিয়া ব'হাগ বিহুৰ উন্মাদনা। ঢোলৰ মাত শুনি গা সাতখন আঠখন হোৱাৰ বতৰত এপাক নানাচি কেনেকৈ থাকে বিহুৱা নাচনি।

শিশুৰপৰা বৃদ্ধলৈকে সকলো আনন্দত আত্মহাৰা। পিছ পৰি ৰোৱা নাই জনপ্ৰতিনিধিসকলো। সেয়ে ঢুলীয়া নাচনীয়ে বিহু মাৰি থাকোতে ৰবকে নোৱাৰিলে বিধায়িকাই। হুছৰি দলৰ লগত বিহু গাই নাচিলে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।

বটদ্ৰৱা সমষ্টিৰ নিজ গাওঁ কপাহেৰাত গাঁৱৰ ডেকা গাভৰুৰ লগত বিহু গাই নাচি বৰতাল বজাই আনন্দত আত্মহাৰা হ'ল বিধায়িকা আঙুৰলতা ডেকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।