দৰং আৰক্ষীৰ অভিযানত ভাং সহ আটক দুই

 11/14/2019 - 16:59

দলগাঁওঃ দৰং আৰক্ষীৰ বৃহৎ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি দৰং আৰক্ষীয়ে বুধবাৰে নিশা চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ভাং সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলা উক্ত অভিযানত এচ-২৭চি ৫৩৬৪ নং বলেৰ' পিক আপ ভানৰ পৰা ৩৯ কেজি ভাং জব্দ কৰাৰ লগতে শুকুৰ আলী আৰু আছাদুল্লাহ হক নামৰ দুজন লোকক আটক কৰিছে যদিও চালক সহ ভাং কঢ়িয়াই অনা আন দুজন লোক গাড়ী থৈ পলাই সাৰে। মন কৰিবলগীয়া কথাটো যে, বাহনখনৰ প্লেট নম্বৰৰ খেলিমেলি ধৰা পৰে।

আগফালৰ আৰু পাছফালৰ নম্বৰ প্লেট দুটাত কলা ৰঙৰ চেল' টেপ লগাই নম্বৰ সলনি কৰা হৈছে। আৰক্ষীৰ লোকে সন্দেহ কৰা মতে উক্ত ভাংখিনি ভূটানৰ পৰা অনা হৈছিল। চালকসহ ভাং কঢ়িয়াই অনা গাড়ীখনত থকা অন্য তিনিজন লোক পলাই পত্ৰং দিয়ে। ইফালে দলগাঁও আৰক্ষীয়ে ভাং সহ গাড়ীখন জব্দ কৰি আটকাধীন দলগাঁৱৰ ছকৰাবস্তিৰ শুকুৰ আলী আৰু ওদালগুৰি জিলাৰ লাওডোঙৰ আছাদুল্লাহ হকক জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দলগাঁৱৰ চিকনমাটি চাহ বাগিচাৰ নিচেই কাষতে লাইন হোটেল সমূহৰ লগতে বুঢ়ীগাঁৱৰ লাইন হোটেল সমূহত দীৰ্ঘদিন ধৰি অবৈধ ৰড, চিমেন্ট, সাৰ, ডিজেল আৰু এটিএফ তেলৰ অবৈধ বেহা চলি আছে যদিও দৰং আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.