ডবকাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ পদযাত্ৰা: টিকট নাপায় হিমন্তই নাচিছে অদ্ভুত নাচ বুলি ৰকিবুল হুছেইনৰ কটাক্ষ

 04/15/2019 - 21:12

ডবকা: দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ তুংগত কৰি তুলিছে৷ ভোটাৰৰ মন আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচাৰ চলাই গৈছে ৰাজনৈতিক দলসমূহে৷

এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দল৷ ১০ নং নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি দিনৰ ১১ বজাত নিজৰ দলীয় সমৰ্থকসকলক লগতলৈ এক পদযাত্ৰা উলিয়ায়৷ এই পদযাত্ৰাত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অন্যান্য বহু নেতা-কৰ্মীয়ে৷

এই পদযাত্ৰাত কেইবা সহস্ৰাধিক কংগ্ৰেছ সমৰ্থকে অংশগ্ৰহণ কৰে৷ পদযাত্ৰাৰ সময়ত প্ৰদ্যুৎ বৰদলৈয়ে চহৰত থকা দোকান পোহাৰ, মানুহৰ ঘৰত সোমাই, ৰখাই থোৱা যাত্ৰীবাহী বাছত ভোটভিক্ষা কৰে৷ ৰাইজৰ উচ্ছাস উদ্দীপনা দেখি প্ৰদ্যুৎ বৰদলৈয়ে বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি কয়৷

আনহাতে, এই পদযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে, প্ৰথম পৰ্য্যায়ত ৫ খন, দ্বিতীয় পৰ্য্যায়ত ৫ খন আৰু ৩ য় পৰ্য্যায়ত ৪ খন আসন কংগ্ৰেছে পাব৷ হিমন্ত বিশ্ব শৰ্মাক তেওঁ কটাক্ষ কৰি কয় যে, তেজপুৰৰ পৰা টিকত নাপায় এতিয়া আমাৰ সেইজনে অদ্ভুত নাচ নাচিবলৈ আৰম্ভ কৰিছে৷

অসমৰ ৰাইজে বিজেপিক একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ভোট নিদিয়ে৷ বিজেপি চৰাকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলিও প্ৰাক্তন মন্ত্রীজনে মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।