ডবকাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ

 11/14/2019 - 19:01

ডবকাঃ ডবকাৰ মিকিৰআটী হাওঁগাওঁ এমি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ শ্বাৰুফ আলম যোৱা বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। শ্বাৰুক আলমৰ পিতৃৰ মইন উদ্দিন। শ্বাৰুক আলক নামৰ শিশুজনে বুধবাৰে স্কুললৈ গৈছিল। যদিও সম্পূৰ্ণ প্ৰিয়ড নকৰাকৈ ঘৰলৈ উভতি আহিবলৈ লয়। স্কুলৰ পৰা ছুটি লৈ শিশুজন ঘৰলৈ উভতি আহি থকা সময়তে আধা বাটৰ পৰা নিৰুদ্দেশ হয় শ্বাৰুফ আলম।

যদিও বৰ্তমান লৈকে কোনো ধৰণৰ সঠিক সন্ধান উলিয়াব পৰা নাই ভুক্তভোগী পৰিয়ালটোৱে।। কিন্তু বৃহস্পতিবাৰে হঠাৎ ৭৫৭৮০৫১৫৮৫ এই নম্বৰৰ পৰা ফোন কৰি শ্বাৰুক আলমৰ মাতৃৰ লগত কথা পাতিবলৈ দিয়ে তেতিয়া শিশুজনে ডিমাপুৰত আছে বুলি জনাই। কিন্তু এই নম্বৰটো trucaller check কৰাত মধ্যপ্ৰদেশৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ ডবকাতে চাঞ্চলৰ সৃষ্টি হৈছে। এই ঘটনাৰ সন্দৰ্ভত শ্বাৰুক আলমৰ পৰিয়ালৰ লোকে ডবকা থানাত এটা গুচৰ ৰুজু কৰে। নিৰুদ্দেশ শিশুটিৰ কোনোৱাই সন্ধান পালে ০৯৫৩১৪৬২৩০৩ এই নম্বৰত যোগাযোগ কৰিব পাৰিব। শ্বাৰুক আলমৰ পৰিয়ালে আৰক্ষী প্ৰশাসনক বিনম্ৰ অণুৰোধ জনাই তেওৰলোকৰ নিৰুদ্দেশ হোৱা শিশুটিক পুনৰ ঘৰলৈ উভতাই আনিবলৈ। অৱশ্যে আৰক্ষী প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া সময়তে হ’ব সম্পূৰ্ণ লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।