মোৰাঝাৰত আৰক্ষীৰ তালাচীত ৬ লাখ টকা জব্দ

 04/15/2019 - 21:58

ডবকা: আজি সন্ধিয়া ৬মান বজাত হোজাই জিলাৰ মোৰাঝাৰ বজাৰত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত এজন লোকৰ জিম্মাৰ পৰা ৬ লাখ টকা জব্দ কৰা হয়৷

মোৰাঝাৰ থানাৰ উপ পৰিদৰ্শক ধনেশ্বৰ দাসৰ নেতৃত্বত এচ এচ বিৰ এটা দলে চলোৱা অভিযানত এই ধনৰাশি জব্দ কৰা হয়৷ মোৰাঝাৰ থানাৰ অন্তৰ্গত মোৰাঝাৰৰ আব্দুল আৱালৰ পুত্ৰ কামালুদ্দিন আহমেদ (৩২) নামৰ লোকজনৰ জিম্মাৰ পৰা এই ধনৰাশি জব্দ কৰা হয় ৷

জব্দকৃত ধনখিনিৰ উৎস কি, সেই সম্পৰ্কে তদন্তৰ বাবে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ আদৰ্শ আচৰণ বিধি নিৰীক্ষণ কোষলৈ হস্তান্তৰ কৰা হৈছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।