ৰঙিয়া ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষত উছাহৰ ঢল

 04/15/2019 - 22:14

ৰঙিয়া: সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা অসমৰ প্ৰথম বিহুৰাণী মাধুৰিমা চৌধুৰীয়ে। সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈ মাধুৰিমা চৌধুৰীয়ে জুৰিলে বিহুগীত।

লগতে আহ্বান জনালে আদৰৰ বিহুটিক বিকৃত নকৰিবলৈ, বিহুৰ লগত জড়িত গীত মাতসমূহো সংৰক্ষণ কৰাৰ কথাও কলে মাধুৰিমা চৌধুৰীয়ে। উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, জেপি দাসৰ লগতে সংগীত পৰিবেশন কৰিব শিল্পী নীল আকাশে।

সংগীত পৰিবেশন কৰিব আন কেইবাগৰাকী শিল্পীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।