জলন্ধৰত সিদ্ধুৰ বিৰুদ্ধে ক্ষোভ,‘‘জেনেৰেল বজুৱা দ্যা য়াৰ, সিদ্ধু দেশ কা গাড্ডাৰ’’

 02/22/2019 - 18:51

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত জঈছ-ই-মহম্মদ নামৰ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৰ আক্ৰমণত ৪৪গৰাকীকৈ চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাৰ পিছতে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি নিন্দাৰ সন্মুখীন হোৱা কংগ্ৰেছ নেতা তথা পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে নিজ ৰাজ্যতে আৰম্ভ হৈছে ক্ষোভ-প্ৰতিবাদ৷

পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল বজুৱা আৰু সিদ্ধুৰ ফটো সংলগ্ন কৰি পঞ্জাৱৰ জলন্ধৰত পথৰ দাতিত একাংশ ক্ষোভিত লোকে পোষ্টাৰ আৰি সিদ্ধুৰ শেহতীয়া মন্তব্যক গৰিহণা দিয়া দেখা গৈছে৷কেইবা খনো পোষ্টাৰ ওলোমাই জলন্ধৰৰ ৰাইজ ক্ষোভ ব্যক্ত কৰে৷সিদ্ধু আৰু পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল বজুৱাৰ ফটো সংলগ্ন কৰি ‘‘জেনেৰেল বজুৱা দ্যা ইয়াৰ, সিদ্ধু দেশ ক্যা গাড্ডাৰ’’ বুলি প্ৰকাশ কৰে ৰাইজে৷

পোষ্টাৰ খনত কংগ্ৰেছ নেতা সিদ্ধুৱে জেনেৰেল বজুৱাক আলিংগন কৰাাৰ ফটোও সংলগ্ন কৰে৷পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত সমগ্ৰ দেশেই পাকিস্তানক গৰিহণা দি থকাৰ সময়তে কংগ্ৰেছ নেতা সিদ্ধুৱে কেইজনমান লোকৰ বাবে সমগ্ৰ দেশক দোষী কৰিব নোৱাৰি বুলি মন্তব্য প্ৰকাশ কৰিছিল৷যাৰ ফলত জনগণে এতিয়া জলন্ধৰৰ পথৰ দাতিত এনেদৰে পোষ্টাৰ আৰি ক্ষোভ জাহিৰ কৰিছে৷দুদিন পূৰ্বে আকালি দলৰ বিধায়কেও সিদ্ধুৰ মন্তব্যৰ বিৰুদ্ধে পঞ্জাৱ বিধান সভাৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰিত্বৰ পৰা পদত্যাগ দাবী কৰিছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।