তামুলপুৰত শব্দৰাম ৰাভাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 04/15/2019 - 22:36

তামুলপুৰ: ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই আজি তামুলপুৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সমগ্ৰ তামুলপুৰ বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰে। আজি পুৱা ১০ বজাত তামুলপুৰ ৰাজীৱ ভৱনত শব্দ ৰাম ৰাভা উপস্থিত হয় দলীয় নেতা কৰ্মীৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পদম বাহাদুৰ চৌহান, অবড়ো নেতা যোগেশ্বৰ কালিতাক লগত লৈ।

এইবাৰ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ফেক্টৰ নহয় বুলি বক্তব্য ৰাখি বিটিচি চুক্তি পুনৰীক্ষণ কৰা, অবড়ো গাওঁ বিটিএডিৰ পৰা কৰ্তন কৰা, সকলো জাতি জনগোষ্ঠীক সমমর্যাদা প্ৰদান কৰাকে আদি কৰি কেইবাটাও ইচ্ছু লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি সদৰী কৰে।

নৱ কুমাৰ শৰণীয়াৰ একসময়ৰ সোঁহাত স্বৰূপ অবড়ো নেতা যোগেশ্বৰ কলিতাই কিয় নৱ শৰণীয়াৰ চাং এৰিলে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত যোগেশ্বৰ কলিতাই কয় যে, সাংসদ হৈ থকা বিগত ৫ বছৰত নৱ কুমাৰ শৰণীয়াই বিটিএডি এলেকাৰ অবড়ো ৰাইজৰ হৈ এষাৰ মাতও নামাতিলে। অবড়ো ৰাইজৰ আশা-আকাংক্ষা পূৰণত নৱ কুমাৰ শৰণীয়া ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ কৰে যোগেশ্বৰ কলিতাই।

ৰাজীৱ ভৱনৰ পৰা শব্দ ৰাম ৰাভাই আজি সমৰ্থকসকলক লগত লৈ তামুলপুৰ বিধানসভা সমষ্টিৰ নাগ্ৰীজুলি, নাওকাটা, সুৱাগপুৰ, ভোলাঝাৰ, অম্বৰীশনগৰ, গুৱাবাৰীকে ধৰি এক বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজৰ ওচৰ চাপে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।