আব্দুল খালেকক বিজেপিৰ দালাল আখ্যা বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলৰ

 04/16/2019 - 13:37

কলগাছিয়া: "আব্দুল খালেক হ'ল বিজেপিৰ দালাল" কাৰণ তেওঁ হিমন্তৰ প্ৰাৰ্থী। "আব্দুল খালেক মমবাতি আৰু ডঃ হাফিজ ৰফিকুল ইছলাম সূৰ্য্য", কাৰণ মমবাতিয়ে কেৱল এটা ঘৰত পোহৰ দিয়ে আৰু সূৰ্য্যই সকলোতে পোহৰ দিয়ে, এই মন্তব্য বৰপেটাৰ সাংসদ ছিৰাজ উদ্দীন আজমলৰ।

দেওবাৰে জনীয়া সমষ্টিৰ কাদঙত বৰপেটাৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে। আবেলি কাদঙত হেলিকপ্টাৰেৰে উপস্থিত হয় ছিৰাজ উদ্দীন আজমলৰ লগতে এআইইউডিএফ নেতা চম্পক কলিতা, বীণা দৈমাৰী আৰু বৰপেটাৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম।

ইফালে, বৰপেটাৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, তেওঁ সূৰ্য্যৰ দৰে সকলোৰে মাজত পোহৰ বিলাব।

লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।