ধুবুৰীৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ মানকাচৰত নিৰ্বাচনী প্ৰচাৰ

 04/16/2019 - 13:52

হাটশিঙিমাৰী: প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে সকলো ৰাজনৈতিক দলৰ মাজত৷ ভোটাৰৰ মন জয় কৰিবলৈ ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ব্যতিক্ৰমী ৰূপত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দক্ষিণ শালমাৰাৰ কেইবাটাও ঠাইত নিৰ্বাচনী প্ৰচাৰ চলায়৷

দেওবাৰে দুপৰীয়া ১২ বজাত মানকাচৰ সমষ্টিৰ হাটশিঙিমাৰীত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় শুকুৰ আলীয়ে। শুকুৰ আলীৰ লগত ছেলফি তোলাতো ব্যস্ত হৈ পৰে একাংশ ভোটাৰ। দিল্লীত সৰ্বাধিক প্ৰশ্ন কৰি প্ৰথম স্থান দখল কৰা বদৰউদ্দিন আজমলে এটা সমস্যাও সমাধান কৰিব পৰা নাই বুলি মন্তব্য কৰে শুকুৰ আলীয়ে।

ধুবুৰী সমষ্টিৰ মূল সমস্যা ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া, ৰাস্তা ঘাট, এন আৰ চিক লৈয়ো কোনো নেতাই মাত মতা নাই বুলি মন্তব্য দি নিৰ্বাচনী প্ৰচাৰ চলায় শুকুৰ আলীয়ে। এআইইউডিএফ দলৰ প্ৰাৰ্থী আজমলৰ লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য দিয়ে শুকুৰ আলীয়ে।

তেওঁৰ কাপ প্লেটৰ চিহ্নত ভোট দিবলৈ ভোটাৰক আহ্বান জনায় শুকুৰ আলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।