বিজনী: চিৰাং জিলাৰ বিজনী চহৰত নিশা চোৰৰ উপদ্ৰপ। বিজনী হাইনা নগৰত অজি পুৱতি নিশাই ই-ৰিস্কা চুৰ কৰিবলৈ আহিছিল দুজন চোৰ। এজনক স্থানীয় লোকে আটক কৰে যদিও আনজন চোৰ ঘটনা স্থলীৰ পৰা পলায়ন কৰে। চুৰি কাৰ্য কৰিবলৈ আন এঠাইৰ পৰা হিৰো গ্লেমাৰ AS-26-B-7323 নম্বৰৰ বাইকখন চুৰ কৰি আনিছিল চোৰ দুটাই।
বাইকখন ফণী বিশ্বাস নামৰ লোক এজনৰ নামত পঞ্জীয়ন কৰা আছিল। বিজনী হাইনা নগৰৰ বাসিন্দা জহৰ দাস নামৰ লোকজনৰ ঘৰত পুৱতি নিশা ই-ৰিস্কা চুৰ কৰিবলৈ আহি হাতে লুটে ধৰা পৰে চোৰটো।
পিছত স্থানীয় ৰাইজে বিদ্যুতৰ খুঁটাত বান্ধি লপাথপা দিয়ে আৰু বিজনী আৰক্ষীক চোৰটোক গতাই দিয়ে। এতিয়ালৈকে বাইকৰ গৰাকীৰ সন্ধান লাভ কৰিব নাই আৰক্ষীয়ে।
ঘটনাস্থলিত বিজনী আৰক্ষী উপস্থিত হৈ ব্যক্ত কৰে যে এই চোৰটোক পূৰ্বৰ পৰা বিচাৰি আছিলে চোৰটোৰ নাম খলিম উদ্দিন। বিজনী অঞ্চলৰ দুতুৰিৰ বাসিন্দা খলিম উদ্দিন।
বিজনী অঞ্চলৰ বিভিন্ন ঠাইত চুৰি কাৰ্যৰ লগত জড়িত থকাৰ আভিযোগ আছে।