মধ্য কামৰূপ ফুটবলত বৰেজানী ৰাইজিং ষ্টাৰ ফাইনেলত

 11/16/2019 - 20:35

মধ্য কামৰূপঃ মধ্য কামৰূপ ক্ৰীড়া সন্থাৰ সৌজন্যত পানীটেমা সাতগাওঁ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত চলি থকা স্বৰ্গীয় মাধৱ চন্দ্ৰ কলিতা, চণ্ডিকা কলিতা আৰু ৰাজীৱ কলিতা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ প্ৰথম ছেমিফাইনেলত বৰেজানী ৰাইজিং ষ্টাৰ ক্লাৱে কলাকুছি লোকেল ফুটবল ক্লাৱক ২-১ গ'লত পৰাস্ত কৰে।খেলৰ আৰম্ভনিতে খেলখন উদ্বোধন কৰে কৃষভ মটৰ্চ, আমিনগাঁওৰ মহাপ্ৰৱন্ধক দেবেন কলিতা আৰু যুৱ ব্যৱসায়ী বিনোদ কলিতাই।

খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ,সতীশ ডেকা, বাহাৰুল ইছলাম আৰু ভৰত কলিতাই।কাইলৈ দ্বিতীয় ছেমিফাইনেলত মলং এফ চিয়ে আৰ.এম ক্লাৱ, উত্তৰ গুৱাহাটীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি বাবুল ডেকা আৰু সম্পাদক মনিৰাম কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.