বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ভোট ভিক্ষা যুৱ মৰ্চাৰ

 04/16/2019 - 16:27

ওৰাং: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দলগাওঁ বিধানসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। বেছিমাৰী মণ্ডল বিজেপি যুৱ মৰ্চাই সংখ্যালঘু প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে।

বিগত সপ্তাহৰ পৰা জোৰদাৰ ৰূপত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বেছিমাৰী মণ্ডল বিজেপি যুৱ মৰ্চাই ভোটাৰসকলৰ মাজত সোমাই নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। লগতে বেছিমাৰী মণ্ডলৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সুপ্ৰদীপ সিংহ আৰু যুৱ মৰ্চাৰ কৰ্ম-কৰ্তাসকলে বেছিমাৰী মণ্ডলৰ প্ৰতিটো বুথ, গাঁৱত গৈ ঘৰে ঘৰে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছে।

নিৰ্বাচনী প্ৰচাৰত মোদী চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাৰ বিষয়ে কাৰ্যকৰ্তাসকলে ভোটাৰ ৰাইজক অৱগত কৰে। বেছিমাৰী মণ্ডল বিজেপি যুৱ মৰ্চাৰ সভাপতি সুপ্ৰদীপ সিংহ আৰু দলগাওঁ বিধানসভা সমষ্টিৰ দিলোৱাৰ হুচেইনক যথেষ্ট সক্ৰিয় ৰূপত দেখা পোৱা গৈছে।

তেওঁলোকে গাঁৱে গাঁৱে প্ৰতি ঘৰ মানুহৰ মাজত দিলীপ শইকীয়াৰ প্ৰচাৰ পত্ৰ বিতৰণ কৰি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে।

মণ্ডল সভাপতিগৰাকীক সংগ দিছে বেছিমাৰী মণ্ডল যুৱমৰ্চাৰ তৰুণ দাস, চিন্ময় সাহা, ৰুহিদা বিশ্বাস, ৰাজা সাহা, সুচিত্ৰ সিংহ, সজল কোচ, পৰিতোষ দাস আদিৰ লগতে গাওঁ পঞ্চায়ৰ একাংশ সক্ৰিয় কৰ্মকৰ্তাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।