পুলৱামা কাণ্ডৰ শ্বহীদ জোৱানৰ পৰিয়ালক বৃহৎ পৰিমাণৰ সাহাৰ্য তেলেংগানা চৰকাৰৰ

 02/22/2019 - 19:52

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ৪৪ গৰাকীকৈ চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ ঘটনাই সমগ্ৰ দেশকে ম্ৰিয়মান কৰি ৰাখিছে৷তাৰ সমানে সমান শ্বহীদ জোৱানৰ পৰিয়ালক সহায় কৰিবলৈ বিভিন্ন লোকে ওলাই অহা দেখা গৈছে৷বলিউডৰ অভিনেতা, ক্ৰিকেটাৰ, ব্যৱসায়ী আদিয়ে দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদ জোৱানসকলৰ দুৰ্ভগীয়া পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহে৷

ইয়াৰ লগে লগে দেশৰ কেইবাখনো ৰাজ্যিক চৰকাৰে দেশৰ বীৰ শ্বহীদ জোৱানসকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷কেইবাখনো ৰাজ্যিক চৰকাৰৰ লগতে তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাৱে পুলৱামাত সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱা ৪৪গৰাকী চিআৰপিএফ জোৱানৰ পৰিয়ালক ২৫ লাখকৈ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে।

শুকুৰবাৰে ৰাজ্যখনৰ বিধানসভাত এই আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱ গৃহিত কৰি পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইছ-ঈ-মহম্মদক তীব্ৰ ভাষাৰে সমালোচনা কৰে।এই কাণ্ডক অতি নৃসংশ আৰু অমানৱীয় আখ্যা দি নিহত জোৱানসকলৰ আত্মাৰ সদগতিৰ বাবে বিধানসভাত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কসকলে প্ৰাৰ্থনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।