নলবাৰী বাঁহজানীত হিমন্ত বিশ্বৰ নিৰ্বাচনী সভা: ভাষণত নাই কোনো নতুনত্ব

 04/16/2019 - 16:40

নলবাৰী: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অন্তিমটো দিনত নলবাৰী জিলাৰ বাঁহজানীৰ যজ্ঞভূমিত হিমন্ত বিশ্ব শৰ্মাই চলালে নিৰ্বাচনী প্ৰচাৰ৷ আজি দিনৰ প্ৰায় ১১ বজাত আৰম্ভণি হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্তৰ মুখত কোনো নতুনত্ব নাই৷

ভাষণত পূৰ্বৰে অৰুন্ধতী আঁচনি, বিনামূলীয়া শিক্ষা, বিনামূলীয়া কিতাপ, ৬০ বছৰৰ উৰ্ধৰ বয়সৰ লোকসকলক পেঞ্চন দিয়াৰ কথা উল্লেখ কৰে৷ ইফালে আকৌ হিমন্তৰ নিৰ্বাচনী ভাষণ শুনাৰ পৰিৱৰ্তে হেলিকপ্তাৰ আৰু নৃত্য চোৱা মানুহৰ হেপাঁহ বেছি সেয়াও আজি পৰিলক্ষিত হোৱা দেখা যায় ৷

ইয়াৰ উপৰি, মন্ত্ৰী হিমন্ত বিশ্বৰ ভাষণত চাংসাৰীৰ এইমছ, উত্তৰ গুৱাহাটীৰ দলং, নলবাৰী মেডিকেল কলেজৰ কথা উল্লেখ কৰে৷ 

যোৱাটো বাজেট অধিবেশনৰ পিছত নলবাৰীৰ বিধায়ক অশোক শৰ্মাই নলবাৰীৰ বাঁহজানীত এখন পুৰ্ণাংগ কলেজ হ’ব বুলি ঘোষণা কৰিছিল যদিও আজি সেই কলেজখনৰ পৰিৱৰ্তে অন্য ঠাইৰ কলেজ, দলং কথা উল্লেখ কৰি বাঁহজানীৰ কলেজখন সম্পৰ্কে একো নকোৱাক লৈ সচেতন লোকৰ মাজত এক প্ৰতিক্ৰিয়া হোৱা দেখা যায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।