জোনমণি দেৱী খাউণ্ডে সংখ্যালঘুৰ ভোট বিভাজনৰ বাবে নিৰ্বাচন খেলাৰ অভিযোগ নেমছু'ৰ

 04/16/2019 - 16:56

গুৱাহাটী: সংখ্যালঘু মুছলমানসকলৰ ভোট বিভাজনৰ বাবে এটা ৰাজনৈতিক দলে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলিছে মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি বদৰুল ইছলামে কয়, আমি সদায় অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি আহিছো আৰু কৰি যাম।

অসমৰ কলা-কৃষ্টি,সংস্কৃতি ধ্বংসৰ উদ্দেশ্যেৰে ৰাজনীতি কৰা অৰ্থাৎ অসমক দ্বিতীয় ত্ৰিপুৰা বনাব খোজা ৰাজনৈতিক দলৰ লগতে তেওঁলোকৰ স্বাৰ্থত কাম কৰা ৰাজনৈতিক নেতাক ৰাইজে সমৰ্থন কৰা উচিৎ নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা বা কাম কৰা সকলোৰে সৈতে নেমছু'ৰ সমৰ্থন থাকিব।

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ প্ৰতি এক অভিযোগ আনি নেমছু'ৰ সভাপতি বদৰুল ইছলামে কয়, জোনমণি দেৱী খাউণ্ডে নিজে জিকাৰ বাবে নিৰ্বাচন খেলা নাই বৰঞ্চ কিছুমান ভোট নষ্ট কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ স্বাৰ্থতহে কাম কৰিছে।

এনে নিকৃষ্ট ৰাজনীতি কৰিবলৈ জোনমণি দেৱী খাউণ্ডক কেতিয়াও দিয়া নহ'ব বুলি কৈ সকলো ৰাইজে জোনমণিক বর্জন কৰিবলৈ সমূহ গুৱাহাটী লোকসভাবাসী ৰাইজক আহ্বান জনায়। লগতে তেওঁ কয়, ভোট দিয়ক সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে, ভোট দিয়ক বাংলাদেশীৰ বিৰুদ্ধে, সাতামপুৰুষীয়া ঐক্য-সংহতি ৰখা কৰিব পৰা দলক ভোট দিয়ক।

আমাৰ সমাজখনক ভাঙি-চিঙি চুৰমাৰ কৰিব খোজা শক্তিৰ বিৰুদ্ধে ভোট দি সুস্থ-সৱল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ আহ্বান নেমছু'ৰ সভাপতিৰ।

ইতিমধ্যে নেমছু'ৰ মহানগৰ সমিতি,পশ্চিম, উত্তৰ আৰু পূব জিলা সমিতিক এইক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে।

এতিয়া নেমছু'ৰ সভাপতিৰ অভিযোগসমূহ জোনমণিয়ে কিদৰে গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।