উত্তৰ গুৱাহাটীত যুৱকৰ একক প্ৰচেষ্টাত মুকলি বিহু উদযাপন

 04/16/2019 - 17:09

উত্তৰ গুৱাহাটী: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো ব্যাপক উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। বিগত বৰ্ষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰিছে উত্তৰ গুৱাহাটীৰ বিভিন্ন বিহু সমিতি।

এই সকলো আয়োজনৰ ব্যতিক্ৰম আছিল উত্তৰ গুৱাহাটীৰ বালিচৰত স্হানীয় যুৱকৰ উদ্যোগত মকুলি বিহুৰ অনুষ্ঠানটি। বিগত বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ যুৱক ত্ৰিদিপ ডেকাৰ ব্যক্তিগত প্ৰচেষ্টাত নৈ বালিচৰত চিৰসেউজ মনোমোহা পৰিৱেশত পহিলা ব'হাগৰ দিনটোত আয়োজন কৰা হ'ল মুকলি বিহু।

শিশুসকলৰ মাজত খেল ধেমালিৰো আয়োজন কৰা হয় এই অনুষ্ঠানটিত। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বিহুদলে প্ৰদৰ্শন কৰা বিহু নৃত্য, হুচৰিয়ে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। কালি সম্পন্ন হোৱা মুকলি বিহুৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত স্হানীয় শিল্পীসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

যিসময়ত অসমীয়া ভাষা কলা সংস্কৃতিৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হোৱা দেখা গৈছে সেই সময়তে ত্ৰিদিপ ডেকাই লোৱা প্ৰয়াসক অঞ্চলবাসীয়ে উচ্চ প্ৰশংসা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।