চৌদি আৰৱৰ মক্কাত উপস্থিত ভাৰতৰ ৪২ জন হজযাত্ৰী

 04/16/2019 - 17:18

বৰপেটা: চৌদি আৰৱৰ পবিত্ৰ মক্কাত আজি উপস্থিত হৈছে ভাৰতীয় ৪২ জনকৈ ওমৰাহ হজযাত্ৰী। মুম্বাইৰ আল-আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ মুখ্য সচিব মনিৰ উদ্দিনৰ দায়িত্বত আছে আটাইকেইজন ওমৰা হজযাত্ৰী।

এই ওমৰাহ হজযাত্ৰীসকলে মক্কাত ৭ দিন ওমৰাহ হজ কৰিব। মক্কাৰ কাবা শ্বৰিফৰ চাৰিওফালে হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰীসকলে এইদৰে তোৱাফ কৰি আছে। একাংশ হজযাত্ৰীয়ে হাজাৰ হাজাৰ পাৰ চৰাইৰ দৃশ্য উপভোগ কৰি থকা পৰিলক্ষিত হৈছে।

এই হজযাত্ৰীসকলে মক্কাত এসপ্তাহ থকাৰ পিছত মদিনাৰ নৱমি মছজিদত ৮ দিনত ৪০ ওৱাক্ত নামাজ আদায় কৰাৰ লগতে ওমৰাহ হজৰ সকলো কাম সমাপ্ত কৰি জেদ্দা বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে ৰাওনা হ'ব।

অহা ৰমজান মাহত অসম তথা ভাৰতৰ আন আন ৰাজ্যৰ দুই শতাধিক লোক আল-আমিনা ওমৰা হজ ট্ৰেভেলছৰ জৰিয়তে পবিত্ৰ মক্কা-মদিনাত ওমৰা হজ পালন কৰিব বুলি ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনে সাংবাদিকক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।