চাৰিদুৱাৰ ব্ৰহ্মপুত্ৰ খালৈবিল ছ'চাইটিৰ নতুন সমিতিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ: বিলুপ্তিৰ পথত থলুৱা মাছ

 04/16/2019 - 17:33

ধিং: সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলত মীন বিভাগৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ ফলস্বৰূপে অসাধু ব্যৱসায়ীয়ে অবাধে ব্যাপক হাৰত পোনা মাছ আৰু কণীযুক্ত মাছ নিধন কৰি ৰমৰমীয়া বেহা চলাই আছে। ব্ৰহ্মপুত্ৰ নদীতো ব্যাপক হাৰত চলিছে কণীযুক্ত মাছ, পোনা মাছৰ ধ্বংস যজ্ঞ প্ৰক্ৰিয়া। ব্ৰহ্মপুত্ৰত অব্যাহত থকা পোনা মাছ আৰু কণীযুক্ত মাছৰ ব্যাপক নিধন যজ্ঞক লৈ চাৰিদুৱাৰ ব্ৰহ্মপুত্ৰ খালৈবিল ছ'চাইটিৰ নতুন সমিতিৰ বিৰুদ্ধে উত্থাপন হৈছে বহুকেইটা গুৰুত্বৰ অভিযোগ।

সম্প্ৰতি এই ঘটনাক কেন্দ্র কৰি নগাঁও আৰু শোণিতপুৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, শোণিতপুৰ জিলাৰ অন্তর্গত চাৰিদুৱাৰ ব্ৰহ্মপুত্ৰ খালৈবিল ছ'চাইটিৰ নতুন সমিতিখনে দায়িত্ব লোৱাৰ পাছৰ পৰাই নীতি বহিৰ্ভূতভাবে নগাঁও আৰু শোণিতপুৰ জিলাৰ এলেকাধীন ব্ৰহ্মপুত্ৰ নদীত কণীযুক্ত মাছৰ লগতে পোনা মাছৰ নিধন যজ্ঞ চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

ভাৰতীয় মীন আইন ১৯৯৭ ৰ সংশোধনী ধাৰা মতে, বছৰৰ পহিলা এপ্রিলৰ পৰা ১৫ জুন তাৰিখলৈ ৰাজ্যৰ সকলো পানী থকা ঠাইৰ লগতে ব্ৰহ্মপুত্ৰ নদীসমূহতো কণীযুক্ত মাছ ধৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে আঢ়ৈ ইঞ্চিতকৈ সৰু ফটাযুক্ত সকলো ধৰণৰ জাল বিক্ৰীতো আছে নিষেধাজ্ঞা। কিন্তু সেয়া মীন আইন আৰু ন্যায়ালয়ৰ নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুৱাই আশ্চর্যজনকভাৱে নগাঁও মৰিগাঁওৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীত দিনে নিশাই চলি আহিছে কণীযুক্ত মাছ আৰু পোনা মাছ নিধন যজ্ঞ।

চাৰিদুৱাৰ ব্ৰহ্মপুত্ৰ খালৈবিল ছ'চাইটিৰ নতুন সমিতিৰ আশিৰ্বাদপুষ্ট কেইজনমান ভুৱা এজেণ্টে বহু মাছমৰীয়াৰ পৰা গোপনে মোটা অংকৰ ধন লৈ মাছমৰীয়া নিয়োগ কৰি প্ৰতিদিনে মছাৰি জাল, গাই জাল আৰু অনন্য বহু মাছ মৰাৰ সা-সজুলি ব্যৱহাৰ কৰি কণীযুক্ত মাছৰ লগতে সৰু সৰু পোনা মাছ নিধন কৰি অহা বুলি অভিযোগত প্ৰকাশ। মাছমৰীয়াসকলে গোটেই নিশাটো মাছ মাৰি পুৱতি নিশা মাছসমূহ বিক্ৰী কৰিবলৈ লৈ যায় শোণিতপুৰ, শিঙৰ, তেজপুৰ, নগাঁও, ধিং মৈৰাবাৰী আৰু স্হানীয় একাংশ অৰ্ধ সাপ্তাহিক বজাৰসমূহলৈ।

যাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ নদীত উভৈনদী হৈ থকা থলুৱা মাছবোৰ ইতিমধ্যে প্ৰায় নোহোৱা হৈ যাবলৈ ধৰিছে। আনহাতে, যি সময়ত সংৰক্ষিত বনাঞ্চলসমূহতো মাছ মৰাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো নগাঁও জিলাৰ কোছমৰা সংৰক্ষিত বনাঞ্চলৰ এলেকাত একাংশ বিভাগীয় বিষয়াক মেনেজ কৰি একাংশ ভুৱা এজেণ্টে মাছমৰীয়াৰদ্বাৰাই মাছ নিধন যজ্ঞ চলাই যোৱাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ বন ধ্বংস যজ্ঞও সংঘটিত কৰি অহাৰো আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

এই ক্ষেত্রত বনকর্মীৰ লোকসকল মাহেকত দুই এদিন উক্ত সংৰক্ষিত বনাঞ্চলসমূহত আহে যদিও উক্ত এজেণ্টসকলক ফোনযোগে আগতীয়াকৈ খবৰ দি বনাঞ্চলত উপস্থিত হৈ এনে আইন বিৰোধী কাৰ্যক ৰক্ষণাবেক্ষণ দি অহা বলিও অভিযোগত প্ৰকাশ কৰিছে। এইসমূহ বিষয়টোৰ ক্ষেত্রত উচিত প্দক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে সম্পূৰ্ণ নিৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে বিভাগীয় কৰ্তৃপক্ষ।

যাৰ ফলত অৱশেষত অভিযোগ লৈ সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে একাংশ স্হানীয় সচেতন লোক। গতিকে মীন আইন উলংঘাকাৰী অসাধু চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ব্ৰহ্মপুত্ৰ চাপৰিৰ একাংশ সচেতন লোকে। এই ক্ষেত্রত অতি সোনকালে যদি বিভাগীয় কৰ্তৃপক্ষই মাছ ধ্বংস যজ্ঞত জড়িত বৃহৎ চক্ৰটোক নাকী নলগায় তেন্তে ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছসমূহ খুব কম দিনৰ ভিতৰত অসমৰ বুকুৰ পৰা হেৰায় যোৱাটো নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।