কাৰ দখলত যাব বৰপেটা লোকসভা সমষ্টি: অধিক আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ

 04/17/2019 - 12:20

উৱাজউদ্দিন আহমেদ,বৰপেটা: ৰাজ্যত ২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। অধিক আকৰ্ষণীয় হৈ পৰিছে ৬ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন। ১৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ভোটাৰৰ মাজত সম্প্ৰতি অধিক চৰ্চাত আহিছে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ নামটো।

বৰপেটা লোকসভা সমষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব সেইটো কোৱাটো জটিল যদিও বিভিন্ন প্ৰান্তৰৰ ভোটাৰ ৰাইজৰ মাজত চলা চৰ্চাই বিশেষ স্থান পাইছে উপৰোক্ত তিনিগৰাকী প্ৰাৰ্থীৰ নাম। অন্যান্য প্ৰাৰ্থীৰ তুলনাত এই তিনিও গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটো নিজৰ দখলত অনাৰ বাবে সমষ্টিটোৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ চুকে কোণে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলাম যদিও এগৰাকী বলিষ্ঠ কণ্ঠৰ প্ৰতীক কিন্তু দলটোৰ প্ৰতি ৰাইজৰ আস্থা হ্ৰাস পোৱা হেতুকে আৰু দলটোৰ দখলত থকা সময়ছোৱাত বৰপেটা লোকসভা সমষ্টি উন্নয়ন সমিতিৰ মূখ্য দায়িত্বত থকা আব্দুল আৱালৰ বিৰুদ্ধে উঠা স্বৈৰাচাৰিতা, দূৰ্নীতি, অনিয়ম আৰু লুণ্ঠনৰ অভিযোগত সমষ্টিৰ ভোটাৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে।

সাংসদ চিৰাজউদ্দিন আজমলৰ সহজ সৰলতাৰ সুযোগ লৈ এইগৰাকী ব্যক্তিয়ে ধনৰ পাহাৰো গঢ়িবলৈ সক্ষম হৈছে বুলি অভিযোগ উঠিছে। তেনে এগৰাকী ব্যক্তিকে এইবাৰৰ লোকসভা নিৰ্বাচনৰ গুৰু দায়িত্ব অৰ্পণৰ কথা জানিব পাৰি ৰাইজে ভিতৰি ভিতৰি ক্ষুব্ধ হৈ পৰিছে। বৰপেটাত এআইইউডিএফক ডুবোৱাত বিশেষ ভূমিকা লোৱা আব্দুল আৱালৰ বাবেই দলটোৰ প্ৰতিও আস্থা কমি যোৱা বুলি ভোটাৰ ৰাইজে কয়। ইপিনে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধেও এটি ঢৌৰ সৃষ্টি হৈছে। লোকসভা সমষ্টিটোত মিত্ৰজোঁটৰ শক্তিশালী প্ৰাৰ্থী কুমাৰ দীপক দাসক ভোটাৰ ৰাইজে সমৰ্থন কৰে যদিও অসমীয়া জাতিধংসী নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদৰ জোঁৱাৰ তোলা দলটোৱে পুনৰ বিজেপিৰে কৰা মিত্ৰজোঁটত বিশেষ সন্তুষ্টি হোৱা নাই অসমীয়া জাতিপ্ৰেমী একাংশ লোকে।

ইপিনে নিজৰ দলৰ প্ৰাৰ্থী নথকাত বিজেপিৰো একাংশ সমৰ্থকৰ ভিতৰি ভিতৰি ক্ষোভ থকাৰো উমান পোৱা যায়। যাৰ ফলত বৃহৎ ক্ষতি কৰিব পাৰে কুমাৰ দীপক দাসক। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকেও এগৰাকী সবল প্ৰাৰ্থী বুলি চৰ্চিত যদিও বিধায়ক হৈ থকা সময়ছোৱাত তেওঁ সমষ্টিৰ উন্নয়নৰ বাবে তেনে বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগ আছে। কংগ্ৰেছ কৰ্মীসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যদিও সকলো সম্প্ৰদায়ৰ ভোট লাভ কৰাটো নিশ্চিত নহয়। যাৰ বাবে কাৰ দখলত যাব বৰপেটা লোকসভা সমষ্টি সেইটো ঠিৰাং কৰিব পৰা নাযায়। সংখ্যালঘু প্ৰধান এই লোকসভা সমষ্টিটোত যদি এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ভোট বিভাজন কৰিবলৈ সক্ষম হয় তেন্তে আব্দুল খালেকৰ জয়ৰ ক্ষেত্ৰত যথেষ্ট কঠিন হ'ব পাৰে।

সংখ্যালঘু ভোট বিভাজনে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ বিজয়ৰ পথ প্ৰশস্ত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সংখ্যালঘুৰ সৰহ সংখ্যক আবেগিক ভোট যদি এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ নকৰে তেন্তে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকেও শেষ হাঁহি মাৰিব পাৰে।

কংগ্ৰেছ, মিত্ৰজোঁটৰ জয়লাভত এআইইউডিএফে নিৰ্ণায়ক ভূমিকা লৱ যদিহে এআইইউডিএফ পৰাজয় হয়। মুঠতে সমষ্টিটোত কোনগৰাকী প্ৰাৰ্থীয়ে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব সেইয়া সময়েহে জানিব পৰা যাব যদিও মুল যুজঁখন কংগ্ৰেছ, মিত্ৰজোঁট আৰু এআইইউডিএফৰ মাজতে সীমাবদ্ধ থাকিব বুলি ক'ব পাৰি। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।