শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত আছুৰ মুকলি বিহু

 04/17/2019 - 12:35

শিৱসাগৰ: সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত মুকলি বিহুৰ আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পাছত সম্বৰ্ধনা আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে।

ইয়াৰ পাছতে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণ আয়াৰে মুকলি বিহু আনুষ্ঠানিকভাৱে মুকলি কৰে। মুকলি বিহুৰ বাকৰিত বাটৰ কেনভাচ অসম শীৰ্ষক এক পেইণ্টিং কাৰ্যসূচীৰো আয়োজন কৰা হয়। প্রতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কেইবাঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা বিহুৰ অনুষ্ঠানত অসমৰ সোণোৱাল-কছাৰী, মেছ, মিছিং, তিৱা, টাই আহোম, মৰাণ, নগা, মণিপুৰীকে ধৰি জনগোষ্ঠীয় কৃষ্টি সাংস্কৃতিৰ লগতে বহুকেইটা খ্যাতনামা হুঁচৰি দলে হুঁচৰি পৰিবেশন কৰে।

মুকলি বিহু উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ 'গোমচেং' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ গড়গাঁও কলেজৰ অধ্যক্ষ সাব্যসাচী মহন্তই।

মুকলি বিহু অনুষ্ঠানতে নগেন শইকীয়া(শিৱসাগৰৰ), চন্দ্ৰেশৰ বৰুৱা আৰু অৰুন্ধতী মহন্তক ছাত্ৰ সংগঠনটোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।