লাহৰীঘাটত বিধায়িকা আঙুৰলতাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 04/17/2019 - 12:47

লাহৰীঘাট: অসমীয়া বাপুতি সাহোন ৰঙালী বিহুৰ দিনাই বিধায়িকা আঙুৰলতা ডেকাই ১০ নং নগাঁও সংসদীয় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ লাহৰীঘাটৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।

সংখ্যালঘু বসতি প্ৰধান লাহৰীঘাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে, ইমান দিনে কংগ্ৰেছে মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ডি ভোটাৰ, এন আৰ চি আদিৰ ভয় ভাবুকি দেখুৱাই এটা মোনাত আৱদ্ধ কৰি ৰাখিছিল।

মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে কোনো উন্নয়ন কৰা নাছিল বুলি কৈ কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়িকাগৰাকীয়ে।

লগতে বিধায়িকা আঙুৰলতাই কয় যে, নগাঁও লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাক লাহৰিঘাটবাসীয়ে ভোট নিদিলেও তেওঁ সাংসদ হৈ দিল্লীলৈ যাবই আৰু নৰেন্দ্ৰ মোডী আকৌ প্ৰধানমন্ত্ৰী হ'বই এয়া নিশ্চিত বুলি মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।