ৰঙাপৰাত বৌয়েকক হত্যাৰ অপচেষ্টা দেওৰেকৰ: অভিযুক্তক জেল হাজোতলৈ প্রেৰণ

 04/17/2019 - 13:17

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিজৰ বৌয়েকক হত্যাৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল দেওৰেক। সোমবাৰে নিশা ৰঙাপৰা থানাৰ অন্তৰ্গত ৰঙাপৰা চাহ বাগিচাৰ ঢিপা লাইনৰ ৩০ বছৰীয়া বিধৱা মহিলা হান্না বাৰলাক তেওঁৰে দেওৰেক দেবাশিষ বাৰলাৰ পুত্র চমিৰ বাৰলা(২৪)ই নিশা ৭:৩০ বজাত হত্যাৰ চেষ্টা চলায়।

আৰক্ষীসূত্রে জানিব পৰা অনুসৰি, নিশা সুৰাপান কৰি বৌয়েকে চিঞৰ বাখৰ কৰাত চমিৰ বাৰলাই উত্তেজিত হৈ নিজ বাসগৃহত বৌয়েকক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়। ঘটনাটিৰ খবৰ পাই ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপাপ্ত উপ-পৰিদৰ্শক দিলিপ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় আৰু মহিলাগৰাকীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰে।

বাতৰি যোগোতোৱাৰ পৰলৈকে মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ অধীনত ৬৪/১৯ ছেকছনৰ ৪৪৮ /৩২৬/৩০৭ নম্বৰৰ গোচৰ ৰজু কৰি অভিযুক্তক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।

বিহুৰ বতৰত সংঘটিত হোৱা ঘটনাটিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।