বিভাজনৰ ৰাজনীতিৰে ৰাজত্ব কৰিব বিচাৰিছে বিজেপিয়ে: আবু তাহেৰ বেপাৰী

 04/17/2019 - 13:41

গোলকগঞ্জ: তৃতীয় পৰ্যায়ত ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা দেখা গৈছে। সমাগত নিৰ্বাচনৰ বাবে কালি কংগ্ৰেছ দলেও গোলকগঞ্জ ৰাজহ চক্ৰৰ কুমাৰগঞ্জত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হেলিকপ্টাৰযোগে উপস্থিত থকাৰ আছিল যদিও বেয়া বতৰৰ বাবে সভাপতিগৰাকীয়ে নিজৰ এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়।

অৱশ্যে গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নাৰায়ণ দেবনাথৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাখনত ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, প্ৰাক্তন মন্ত্ৰী মহিবুল হক, আগমনি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুছ ছোৱাহান আলী সৰকাৰ ধুবুৰী জিলা পৰিষদৰ উপসভাপতি আলতাফ হুচেইন মণ্ডল, প্ৰমূখ্যে বহু নেতা কৰ্মীৰ লগতে কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

সভাখনত দিয়া ভাষণ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা বেয়া বতৰৰ বাবে হেলিকপ্টাৰযোগে আহিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে। সভাখনত দিয়া ভাষণ প্ৰসঙ্গত আবু তাহেৰ বেপাৰীয়ে বদৰ উদ্দিন আজমল আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় নৰেন্দ্ৰ মোদী আচ্ছে দিনৰ কথা কৈ শাসনলৈ আহিছিল।

জাতি ধৰ্মৰ নামত ৰাজত্ব কৰাই হৈছে বিজেপিৰ মূল উদ্দেশ্য। নৰেন্দ্ৰ মোদীৰ শাসন কালত দেশ, জাতি, গণতন্ত্ৰ আৰু দেশৰ সংবিধান সংকটাপন্ন হৈছে বুলি অভিযোগ উত্থাপন কৰে। বিজেপি এইবাৰ পুনৰ শাসনলৈ আহিলে সংবিধান পৰিবৰ্তন কৰিব। যাৰ পৰিণতিত বহু সম্প্ৰদায়ৰ লোকে ভোটাধিকাৰৰ পৰা বঞ্চিত হব লাগিব। গতিকে জাতি ধৰ্ম, গণতন্ত্ৰ, দেশ আৰু দেশৰ সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছ দলক ভোট দিয়াৰ আহ্বান জনায়।

সভাখনত দিয়া ভাষণ প্ৰসংগত বেপাৰীয়ে বিজেপি দলৰ বাবেই এআইইউডিএফ দলৰ জন্ম হোৱা বুলি গুৰুত্বৰ অভিযোগ কৰে। যাৰ কাৰণে এআইইউডিএফ দলে বিভিন্ন ঠাইত বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলোৱা বুলিও গুৰুত্বৰ অভিযোগ কৰে। আজমলে বিগত দহটা বছৰ সাংসদ হৈ থকাৰ পিছতো ধুবুৰী লোকসভা সমষ্টিৰ একো উন্নয়ন কৰিব পৰা নাই।

লগতে সাংসদ উন্নয়ন পুঁজিৰ ৪ কোটি ৭০ লাখ টকা কেন্দ্ৰলৈ ঘূৰি যোৱা বুলি উল্লেখ কৰি বেপাৰীয়ে ইয়াৰ উত্তৰ বিচাৰে  বদৰ উদ্দিন আজমলৰ পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।