একালৰ শত্ৰুৰ সৈতে লগ লাগিছে পুত্ৰই, নাৰাজ পিতৃ, ভোটৰ অংকত লাগিব আউল

 02/22/2019 - 20:50

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজনীতিত দেশৰ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ভূমিকা বিশেষ বুলি দেশ স্বাধীন হোৱাৰ পিছৰে পৰা চৰ্চা হৈ আহিছে৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোকসভা সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰি আহিছে দিল্লীত চৰকাৰ কোন দলে গঠন কৰিব৷

৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে দেশৰ সাধৰণ নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইবাটাও দিন৷লোকসভা নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে দেশৰ সকলো ৰাজনৈতিক দলসমূহে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে৷যাৰ ফলত ক্ৰমান্বয়ে দেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷কোন দলে কাৰ সৈতে লগলাগি নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাকলৈ ব্যস্ত দেশৰ ৰাজনৈতিক দলসমূহ৷

ৰাষ্ট্ৰীয় দলৰ সৈতে লগলাগি আঞ্চলিক দলসমূহে মিত্ৰজোঁটৰ অংক কৰি থকাৰ সময়তে উত্তৰ প্ৰদেশত কংগ্ৰেছ দলক এৰি কুমাৰী মায়াৱতীৰ দল বিএছপি আৰু অখিলেশ সিঙ যাদৱৰ দল এছপিয়ে লগলাগি উত্তৰ প্ৰদেশত জোঁটবন্ধন কৰি দুয়োদলে ইতিমধ্যে সমষ্টি পৰ্যন্ত ভাগবতৰা কৰে৷এছপি আৰু বিএছপি জোঁটবন্ধন শক্তিশালী বুলি বিবেচিত হৈছে যদিও উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এছপি দলৰ বৰ্তমানৰ মুৰব্বী অখিলেশ যাদৱৰ পিতৃ মুলায়াম সিং যাদৱে দুয়োদলৰ মিত্ৰজোঁটক লৈ নাৰাজ হৈ পৰা দেখা গৈছে৷

একালৰ এছপি দলৰ মুৰব্বী মুলায়ম সিং যাদৱে দুদিন পূৰ্বে দিয়া এটা মন্তব্যই দুয়ো দলৰ মিত্ৰতাত আউল নলগালেও ভোটৰ অংকত আউল লগোৱাৰ সম্ভাৱনা নথকা নহয়৷বিএছপি দলক সমানে আসন এৰি দিয়াত মুলায়ম সিং যাদৱে প্ৰশ্ন উত্থাপন কৰে৷মুলায়ম সিং যাদৱক কোনো কথা অৱগত নকৰােৱাৰ লগতে সমাজবাদী পাৰ্টিক ২ নম্বৰত ৰাখি জোঁটবন্ধন কৰাত প্ৰশ্ন উত্থাপন কৰে মুলায়ম সিং যাদৱে৷এয়া চৰমজনক স্থিত বুলি কয় সিঙে৷

কংগ্ৰেছক জোঁবন্ধনত নৰখাতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্তিম খন অধিবেশনত লোকসভাত থিয় হৈ মুলায়ম সিং যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হোৱটো কামনা কৰা বুলি কৈছিল৷দলটোৰ প্ৰতিষ্ঠাপকগৰাকীয়ে এনে মন্তব্য কৰাত এছপি দলে কিছু হলেও অসুবিধাত পৰিব৷মুলায়ম সিং যাদৱৰ এনে ক্ষোভৰ ফলত ভোটত প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে৷কিয়নো সমাজবাদী দলৰ সমৰ্থকৰ মাজত পুত্ৰ অখিলেশ যাদৱতকৈ পিতৃ মুলায়ম সিং যাদৱ আজিও অধিক জনপ্ৰিয় নেতা হিচাপি পৰিগণিত হৈ আহিছে৷সমাজবাদী পাৰ্টিৰ ভিতৰভাগত সংঘটিত এনে খাম-খেয়ালিক কেনেদৰে নিৰাময় কৰিব সেয়াই লক্ষ্যণীয় হ’ব৷

স্মৰ্তব্য যে, ইতিহাস চালে দেখা যায় ইয়াৰ পূৰ্বেও মায়াৱতী আৰু সমাজবাদী পাৰ্টিৰ হোতা মুলায়ম সিং যাদৱে হাত মিলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ ৯০ৰ দশকত উত্তৰ প্ৰদেশত উগ্ৰ হিন্দুত্ববাদীৰ জোৰদাৰ ৰাজনীতি আৰম্ভ হৈছিল৷ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে লগ লাগিছিল অখিলেশৰ পিতৃ তথা সমাজবাদী পাৰ্টিৰ হোতা মুলায়েম সিং আৰু দলিত ৰাজনীতিৰ হোতা কাশীৰাম৷ উত্তৰ প্ৰদেশত ২৫ বছৰ পূৰ্বে সমাজবাদৰ সংগ্ৰাম কৰা আৰু দলিতৰ বাবে সংগ্ৰাম কৰা দুয়ো নেতাই লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

সেই সময়ত এই ৰণনীতি সফল হৈছিল৷ বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ পৰিৱেশ উত্তাল কৰা বিজেপি সেই সময়ত তচনচ হৈ গৈছিল৷ ১৯৯৫ চনত বিএছপি আৰু এছপিৰ মাজত হোৱা মতানৈক্যৰ বাবে এই সম্পৰ্কৰ সমাপ্তি ঘটিছিল৷ সেই সময়ত সুবিধা লৈছিল বিজেপিয়ে৷ বিজেপিয়ে সমৰ্থন দি মায়াৱতীক মুখ্যমন্ত্ৰী পাতিছিল৷ তাৰ পিছৰে পৰা যোৱা ২৩ বছৰত মুলায়াম আৰু মায়াৱতীয়ে ৰাজনীতিৰ ক্ষেত্ৰত কেতিয়াও একত্ৰিত হোৱা নাই৷ আনকি চাহ একাপ খাবৰ বাবেও লগ লগা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।