গোলকগঞ্জত ১২ টা গৰু জব্দ 

 04/17/2019 - 13:47

গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিছনদৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১২ টাকৈ গৰু জব্দ কৰা হয়। গোলকগঞ্জ আৰক্ষীয়ে মঙলবাৰে পুৱাৰ ভাগত জব্দ কৰে গৰুকেইটা।

অৱশ্যে ঘটনাৰ লগত জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।

বাংলাদেশলৈ চোৰাং ভাৱে প্ৰেৰণৰ লক্ষ্যৰে গৰুকেইটা নি থকা বুলি সন্দেহ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।