গোলাঘাট জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ ড্ৰাগছ লৈ থকা তিনিজন যুৱক আৰু এজন কিশোৰক

 11/20/2019 - 14:47

গোলাঘাটঃ গোলাঘাট জিলাত গঢ় লৈ উঠিছে ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। কাৰণ প্ৰতিদিনে ড্ৰাগছ বেপাৰী কৰায়ত্ব কৰিছে গোলাঘাট আৰক্ষীয়ে। ড্ৰাগছে ইমানে ভয়াৱহ ৰুপ ধাৰণ কৰিছে যে গোলাঘাট নগৰৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা এতিয়া গাঁও আৰু চাহবাগিছাত সিপাইছে। কেবল গোলাঘাট নগৰতে নহয় জিলাখনৰ গাঁও আৰু চাহ বাগিছাতো সিপাইছে ভয়াৱহ ৰুপত ড্ৰাগছ।

এই তিনিজন যুৱক আৰু এজন কিশোৰে মংগলবাৰে নিশা ৱাটিং চাহবাগিছাৰ এটা কোৱাৰ্টাৰত চিৰিনজৰ সহায়ত ড্ৰাগছ লৈ থাকোতে স্হানীয় সংগঠনৰ সহযোগত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাই। লগতে দুখন স্কুটীয়ো জব্দ কৰে আৰক্ষীয়ে। কৌশিক বৰা নামৰ যুৱকজনৰ ঘৰত হিৰক বৰা চন্দন ফুকন আৰু কিশোৰ পাৰ্থ শইকীয়াই মাৰাত্মক ড্ৰাগছ লৈছিল।

আৰক্ষী জানিবলৈ দিয়ামতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সহজে ড্ৰাগছ সৰবৰাহ কৰি ব্যাপক হাৰত ড্ৰাগছৰ পোহাৰ মেলিছে একাংশ ড্ৰাগছ মাফিয়াই। শেহতীয়াকৈ গোলাঘাট জিলাত ড্ৰাগছৰ কবলত পৰি কেইবাজনো মৃত্যুমুখত পৰাৰ সমান্তৰালভাৱে শ শ যুৱক, ব্যক্তি Rehab Center ত চিকিৎসাধীন। আৰক্ষীয়ো ড্ৰাগছৰ লগত জড়িত ৬০ ৰো অধিক ড্ৰাগছ বেপাৰীক জেললৈ প্ৰেৰণ কৰিছে। তাৰ পিছতো কমা নাই ড্ৰাগছৰ ভয়াৱহতা গোলাঘাটত। চৰকাৰ তথা প্ৰশাসনে অতিশীঘ্ৰে বাস্তবসন্মত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ধংসৰ দিশে গতি কৰিব গোলাঘাট জিলা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.