ধিংঃ ধিঙৰ শালকাটিত বাঘ ওলাইছে। এগৰাকী মহিলাক আক্ৰমন কৰিছে বাঘে। পাকঘৰৰ ভিতৰৰ পৰা বাঘে আক্ৰমণ কৰি চোঁচৰাই নিলে মহিলাক। যতে ত’তে পৰি আছে তেজৰ চেঁকুৰা। লগে লগে বাঘ ওলোৱাৰ খবৰো বিয়পি পৰিছে সমগ্র অঞ্চলটোতে। তাৰ পাছতেই আৰম্ভ বাঘৰ আতংক। এয়া মঙলবাৰৰ সন্ধিয়াৰ ধিঙৰ শালকাটিৰ আব্দুল ৰেজাকৰ আছে দুগৰাকী পত্নী ক্ৰমে জমিলা খাতুন আৰু ৰুবীয়া খাতুন। বিগত বহু দিনৰ পৰাই ৰেজাকৰ দুই পত্নী আৰু দুয়োৰে সন্তানৰ মাজত চলি আহিছিল পৰিয়ালকেন্দ্ৰিক সংঘাত। অৱশেষত মঙলবাৰে সন্ধিয়া পৰিকল্পিত ভৱে দ্বিতীয় পত্নী আৰু পুত্র সন্তানে মিলি প্ৰাণ ললে প্ৰথমা পত্নী ৰুবীয়া খাতুনৰ। পাকঘৰত ভাত ৰান্ধি থকাৰ অৱস্থাতে চোকা অস্ত্রৰে আক্ৰমণ কৰি মৃতদেহটো চোঁচৰাই নি লুকুৱাই ৰাখে ওচৰৰে বিলত। আৰু তাৰ পিছতেই এই হত্যাকাণ্ডৰ সমগ্র ঘটনাটো গাপ দিবলৈ অঞ্চলটোত বিয়পাই দিয়ে বাঘৰ আতংক। সম্প্রতি ধিং আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। গ্ৰেপ্তাৰ কৰিছে দুই মাতৃ-পুত্রক। ধিং আৰক্ষীয়ে দুয়োকে অব্যাহত ৰাখিছে জেৰা।