দ্বিতীয় পৰ্যায়ৰ অন্তিম নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

 04/17/2019 - 13:59

খাৰুপেটীয়া: প্ৰাক্তন মন্ত্ৰী বসন্ত দাস আৰু ওজাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত মঙ্গলদৈ সমষ্টিৰ পৰা ওলোৱা ৫ সহস্ৰাধিক বিশাল বাইক ৰেলীৰে কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰে। ৮ নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ হৈ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন বিধায়ক বসন্ত দাস, বিস্মিতা গগৈ, জয়নাথ শৰ্মা আৰু দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদ।

ৰেলীত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই পোন্ধৰ বছৰ ধৰি বিজেপিৰ দখলত থকা মঙলদৈ সমষ্টিত এইবাৰ ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটতকৈ অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছ জয়ী হোৱাটো খাটাং বুলি মন্তব্য কৰে।

১৮ এপ্ৰিলত ভোটাৰে পৰিবৰ্তন কৰিব মঙলদৈ সমষ্টিৰ ভাগ্য। মঙ্গলদৈ সমষ্টিৰ ওজাগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেল পথাৰত দিয়া ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ১৮ এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচন অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।