তামুলপুৰত এবছুৰ উদ্যোগত বৈছাগু উদযাপন

 04/17/2019 - 14:12

তামুলপুৰ: সমগ্ৰ ৰাজ্যত এতিয়া ৰঙালী বিহু উখল মাখলেৰে উদযাপন কৰা হৈছে। পিছ পৰি ৰোৱা নাই কোনো জাতি জনগোষ্ঠী। মঙ্গলবাৰে পুৱাৰে পৰা বাক্সাৰ তামুলপুৰৰ কচুকাটাত দেখা গল এক উৎসৱ মুখৰ পৰিবেশ।

কচুকাটাত শাখা এবছুৰ উদ্যোগত আয়োজিত বৈছাগু উৎসৱত ছাত্র সংগঠনটোৰ লোকসকলে জ্যেষ্ঠজনক আৰনাই পিন্ধাই আশীষ লোৱা আৰু কনিষ্ঠজনক মৰম কৰা আদি এক বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল।

তাৰ সমান্তৰালকৈ পিছত লগে ভাগে সকলো পুৰুষ মহিলা, ল'ৰা ছোৱালীয়ে একেলগে বৈছাগু নৃত্যত অংশ লয়।

যাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক উৎসৱ মুখৰ পৰিবেশ দেখা পোৱা গ'ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।