কংগ্ৰেছ ধুতি-লুঙিৰ দল, বিজেপি সোণৰ দল: হিমন্ত বিশ্ব শৰ্মা

 04/17/2019 - 14:26

দলগাঁও: ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনত মঙলবাৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলিপ শইকীয়াৰ হৈ দলগাঁৱৰ দৈপাম আৰু কৌপাটীত ক্ৰমে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু স্বাস্থ্য, গড়কাপ্তানী আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰযোগে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কংগ্ৰেছ দলক তুলা-ধূনা দিয়ে। পুৱা ৯ বজাত দৈপামত সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে ৰঞ্জিত দাস ১১ বজাত হেলিকপ্টাৰ লৈ সভাত উপস্থিত হৈ বিগত সময়চোৱাত কংগ্ৰেছ দলে সংখ্যালঘু মুছলমানসকলক কৰি অহা প্ৰতাৰণাৰ বৃত্তান্ত দাঙি ধৰি বিজেপিৰ ভয় দেখুৱাই কংগ্ৰেছ দলে মুছলমানৰ ভোট আদায় কৰি সময়ে সময়ে সংঘৰ্ষৰ বাদে আন একো দিব পৰা নাই বুলি দাবী কৰে।

বিজেপি শাসনলৈ আহিলে মুছলমানৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ কৰা হ'ব বুলি অপপ্ৰচাৰ চলাইছিল। কিন্তু বিজেপিৰ শাসনত এতিয়ালৈকে কোনো ভাতৃঘাতী সংঘাত হোৱা নাই। সেয়েহে, মুছলমানসকলেও এতিয়া বুজি পাইছে। কংগ্ৰেছৰ ভাতৃঘাতী সংঘাতৰ পৰা মুছলমানে মুক্তি বিচাৰে বুলি মন্তব্য কৰে দাসে। নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিব বুলি সৰ্বস্তৰৰ সমৰ্থন লাভৰ কথাও দোহাৰে তেওঁ। ইফালে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰচাৰত এশ শতাংশ মুছলমান বসতিপ্ৰধান দৈপাম এলেকাত বিজেপি প্ৰাৰ্থীসকলে ১০০০/১৫০০ লৈকে ভোট লাভৰ কথা জানি উৎফুল্লিত হৈ সভাপতি দাসে আগন্তুক লোকসভা নিৰ্বাচনত ডাবল ভোটদান কৰাৰ আহবান জনায়।

মন কৰিবলগীয়া কথাটো যে, হেলিকপ্টাৰ চাবলৈ লোকৰ সমাগম হোৱা বুলি দাবী কৰিলেও মূলত বোকা-পানীৰ মাজতো প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিত বিজেপিৰ সভাখনে কংগ্ৰেছৰ নিদ্ৰা হৰিছে। আনহাতে দলগাঁও সমষ্টিখনৰে কৌপাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এখন সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিজেপিয়ে সকলো ধৰ্মৰ লোকক সম দৃষ্টিৰে চায় বুলি দাবী কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধাৰ কথা উল্লেখ কৰে। হিমন্তৰ মতে, কংগ্ৰেছ দল আৰু কিছুদিন শাসনত থাকিলে প্ৰতীক চিহ্ন হাতৰ সলনি ধুতি-লুঙি হ'লহেঁতেন বুলি কটাক্ষ কৰে।

ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষকক এককালীন সাহাৰ্য্য, কৌশল বিকাশ যোজনাৰ জৰিয়তে নিবনুৱা সংস্থাপন, সাত লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বেংক একাউন্টত ২৫০০ টকাকৈ দিয়া, বিপিএললৈ বিনামূলীয়া নামভৰ্তি আৰু কিতাপ পত্ৰ প্ৰদান, শিক্ষিত ছোৱালীক বিয়াৰ সময়ত এক তুলা সোণ, অটল অমৃত, আয়ুষ্মান ভাৰতৰ যোগেদি স্বাস্থ্যসেৱা যোগান ধৰাৰ লগতে আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছোৱালীক বেটেৰী চালিত স্কুটি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্তই।

বিজেপি শাসনলৈ আহিলে মুছলমানে গাহৰিৰ মাংস খাব লাগিব বুলি আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত হিমন্তই কয়, মই আজমলৰ ভাষণ শুনাও নাই, শুনিবলৈ ইচ্ছাও নাই। এতিয়ালৈকে মঙ্গলদৈ সমষ্টিত বিজেপি আগুৱাই আছে যদিও অহা ৪৮ ঘন্টাত কি হয় চাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হিমন্তই।

সভাত বিজেপিৰ প্ৰাৰ্থী দিলিপ শইকীয়া, জিলা বিজেপিৰ সভাপতি নিলিমা দেৱী, সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তবিবুৰ ৰহমানৰ লগতে অন্য বহুতো নেতৃবৃন্দ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।