এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা

 04/17/2019 - 14:35

গৌৰীপুৰ: গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ডুমৰদহত মঙলবাৰে এখন এআইইউডিএফৰ বিশাল জনসভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এআইইউডিএফৰ সভাপতি তথা ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল।

লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ২৪ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।