হাউলীত পহিলা ব'হাগত "নিজৰ দিন" পালন

 04/17/2019 - 14:46

হাউলী: ৪১ সংখ্যক সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত সোমবাৰে পহিলা ব'হাগ উপলক্ষে হাউলী নিজৰ দিন পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অভয় বোথৰাই নিজৰ দিনৰ পতাকা উত্তোলন লগতে বিশিষ্ট ব্যক্তি লক্ষীকান্ত দাসে স্মৃতি তৰ্পন কৰে। ইয়াৰ পিছতে আশিস আদান প্ৰদান অনুষ্ঠানত কনিষ্ঠজনে জ্যেষ্ঠজনৰ সেৱা লয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে উপস্থিত ৰাইজক উদ্দেশ্যে ব'হাগ শুভেচ্ছাৰ লগতে ব'হাগক উদ্দেশ্যি সুন্দৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অসম চৰকাৰে প্ৰদান কৰা বৰপেটা জিলাৰ প্ৰথমগৰাকী পেঞ্চনাৰ সাংবাদিক ৰত্নেশ্বৰ তালুকদাৰ, শিক্ষক মানবেন্দ্ৰ পূজাৰী, কৃতি খেলুৱৈ তাৰিণী কান্ত দাস, বিশিষ্ট সমাজসেৱক ৰাধাকান্ত সেন, বিশিষ্ট শিল্পী নিবাৰণ বড়ো, বিশিষ্ট শিপিনী পাৰিজাত বৰ্মন, বিশিষ্ট ব্যৱসায়ী নৱৰতন শ্যাম সুখা, বিশিষ্ট কৃষক নন্দলাল পাঠক, বিশিষ্ট চিকিৎসক ডাঃ মনছুৰ ৰহমান সিকদাৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ পিছতে স্থানীয় কণ্ঠশিল্পী পাৰ্থ প্ৰতিম দাস, ৰাকেশ তালুকদাৰ, হেমাংগীনি পাঠক আৰু শংকুমান দাসে সংগীত পৰিৱেশন কৰাৰ লগতে স্থানীয় আৰু আমন্ত্ৰিত নৃত্য শিল্পীৰদ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কৰাৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।