চাপৰত হত্যাকাণ্ডৰ বলি হোমিঅ' চিকিৎসক

 04/17/2019 - 14:56

চাপৰ: ৰাজ্যজুৰি ৰঙালীৰ উছাহ। ৰঙালী বিহুৰ আনন্দ উছাহ আৰু নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ধুবুৰী জিলাৰ চাপৰৰ নাথপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। নিজগৃহৰ পদুলিমুখতে দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে এগৰাকী হোমিঅ' চিকিৎসকক।

থিতাতে নিহত চিকিৎসকগৰাকী ৰবেন ৰায় বুলি জানিব পৰা গৈছে। নিশা বঙাইগাঁও জিলাৰ নিত্য বজাৰত থকা ৰায়ৰ ফাৰ্মাচী 'সত্যজিৎ হোমিঅ' হল'ৰ পৰা নিজ গৃহ অভিমুখে আহি আছিল ৰায়। তেনে অৱস্থাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে 7.5 mm পিস্তলেৰে চাৰি জাইকৈ গুলী মাৰে ৰায়ক।

ইয়াৰে দুজাই গুলি সক্ৰিয় ৰূপত উদ্ধাৰ হয় ঘটনাস্থলীত। চাৰিচকীয়া বাহনেৰে দুৰ্বৃত্তৰ দলটো অহাৰ সন্দেহ।

বৰ্তমানে চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।