উত্তৰ গুৱাহাটীত ধুমুহাত বিস্তৰ ক্ষতি

 04/17/2019 - 15:05

উত্তৰ গুৱাহাটী: মঙলবাৰে নিশা অহা এজাক ধুমুহাই উত্তৰ গুৱাহাটীৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে৷ হঠাতে প্ৰচণ্ড জোৰেৰে অহা এজাক ধুমুহাই বহুতৰে ঘৰ-দুৱাৰ, দোকান -পোহাৰ লণ্ড-ভণ্ড কৰাৰ লগতে গছ-গছনি ভাঙি চূৰমাৰ কৰে৷

বিশেষকৈ পশ্চিম ৰজাদুৱাৰ, মাজগাওঁ তেল ডিপো, উত্তৰ গুৱাহাটী থানা আদি অঞ্চলত ধুমুহাই ব্যাপক ক্ষতিসাধন কৰে৷ আনহাতে, উত্তৰ গুৱাহাটী নগৰ সমিতিৰ ১নং ৱাৰ্ডৰ কাটিং পাহাৰত থকা পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাসমূহৰ মূধচৰ টিংপাতবোৰ কোবাল বতাহত উৰুৱাই নি বহু দূৰত পেলায়।

পুলিচ ৰিজাৰ্ভৰ প্ৰায়বোৰ কোৱাৰ্টাৰ ধুমুহাত বিধ্বস্ত হয়। ইয়াৰ উপৰি, ধুমুহাই অঞ্চলটোৰ বহুলোকৰ থকা ঘৰৰ, গোহালিৰ, ভঁৰালৰ লগতে দোকান-পোহাৰৰ চালিবোৰ বহু দূৰলৈ উৰুৱাই নিয়ে৷ ইফালে ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভগাত বিদ্যুতৰ যোগাযোগ বন্ধ হৈ আছে অঞ্চলটোত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।